In the Kamrup (M) district district commissioner's office auditorium, a meeting was scheduled. Many decisions…
কণমানি কণ্ঠশিল্পী ধৃতিস্মান চক্ৰৱৰ্তীলৈ ৰাষ্ট্ৰীয় বাল পুৰস্কাৰ ২০২২’
কিছুদিন পূৰ্বে ছচিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছিল ‘তোমাৰ মৰমে মোৰ, দেহত তুলিলে ঢৌ’ শীৰ্ষক জয়ন্ত হাজৰিকাৰ এটি চিৰযুগমীয়া গীত৷ নাজিৰাৰ কণমাণি কণ্ঠশিল্পী ধৃতিস্মান চক্ৰৱৰ্তীলৈ ভাৰত চৰকাৰৰ প্ৰধানমন্ত্ৰী ৰাষ্ট্ৰীয় বাল পুৰস্কাৰ ২০২২৷ মাত্ৰ চাৰিবছৰ বয়সৰ পৰাই গীত গাই জনপ্ৰিয় হোৱা নাজিৰাৰ কণমানি শিল্পী ধৃতিস্মান চক্ৰৱৰ্তীলৈ ভাৰত চৰকাৰে প্ৰধানমন্ত্ৰী ৰাষ্ট্ৰীয় বাল পুৰস্কাৰ ২০২২ আগবঢ়োৱা হয়৷ কোভিড পৰিস্থিতিৰ বাবে বঁটা প্ৰদান অনুষ্ঠান ৰাষ্ট্ৰপতি ভৱনত অনুষ্ঠিত নকৰি আজি পিএমঅ’ আৰু ৰাষ্ট্ৰপতি ভৱনে ভিডিঅ’ কনফাৰেন্সযোগে আয়োজন কৰিছে বঁটা প্ৰদান অনুষ্ঠান। শিৱসাগৰ জিলা উপায়ুক্ত কাৰ্যলয়ত উপস্থিত হৈ কণমানি ধৃতিস্মানে বঁটা প্ৰদান অনুষ্ঠানত অংশ গ্ৰহণ কৰে। ব্লকচেইন পদ্ধতিৰে ধৃতিস্মানক প্ৰদান কৰা হব মানপত্ৰ৷ বঁটাত আছে এটা মেডেল এখন মানপত্ৰ আৰু নগদ একলাখ টকা৷