Assam Governor Shri Gulab Chand Kataria visited Wing Commander Utpal Barbara, the recipient of the…
কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত কামাণ্ডো বাহিনী
কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ গঁড় সুৰক্ষাত নামিল অত্যাধুনিক মৰাণাস্ত্ৰসহ কামাণ্ডো বাহিনী। গণৰাজ্য দিৱসৰ দিনাই কাজিৰঙাত গঁড় সুৰক্ষাৰ বাবে আজিৰে পৰা এক নতুন সংযোজন। ৰাষ্ট্ৰীয় উদ্যানখনৰ গঁড় সুৰক্ষাৰ বাবে পূৰ্বে বন সুৰক্ষা বাহিনী, গঁড় সুৰক্ষা বাহিনী, বিশেষ সুৰক্ষা বাহিনী আদি নিয়োগ কৰা হৈছিল কিন্তু আজিৰ পৰা কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বুৰঞ্জীত প্ৰথমবাৰৰ বাবে চোৰাং চিকাৰীক প্ৰতিহত কৰিবলৈ অসম আৰক্ষীৰ বিশেষ কামাণ্ডো বাহিনী নিয়োগ কৰিছে। বিশেষ প্ৰশিক্ষণপ্ৰাপ্ত অত্যাধুনিক মৰণাস্ত্ৰৰে অভিজ্ঞ এই কামাণ্ডো বাহিনীয়ে এতিয়া চোৰাং চিকাৰীৰ বিৰুদ্ধে যুঁজ দিব কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত।