In celebration of the birth anniversary of Pandit Deen Dayal Upadhya, the Bharatiya Janata Sangh…
কামপুৰৰ শ্ৰী শ্ৰী ৰন্তাৱলী থানৰ মনিকুটৰ বেদীত ভাগৱত পুন:প্ৰতিস্থা
সম্পূৰ্ণ ধৰ্মীয় পৰম্পৰাৰ মাজৰে আজি কামপুৰৰ শ্ৰী শ্ৰী ৰত্নাৱলী থানৰ মনিকুটৰ বেদীৰ পুন: ভাগৱত ভাগ প্ৰতিস্থা কৰা হয়। ভাগৱত প্ৰতিস্থা কৰে হাৰিয়ামুখ সত্ৰৰ সত্ৰাধিকাৰ নয়ন জ্যোতি গোস্বামীয়ে।এই উপলক্ষে পুৱা বন্তুি প্ৰজ্জ্বলনৰে কাৰ্যসূচী শুভাৰম্ভ কৰে লক্ষী কান্তু দাসে। ইয়াৰ পিছতে ধৰ্ম ধ্বজা উত্তোলন কৰে সহযোগী পুজাৰী শৰৎ চন্দ্ৰ শৰ্মাই। আজি এই অনুস্থানৰ লগত সংগতি ৰাখি লেখক সমালোচক প্ৰমোদ বৰাৰ “শ্ৰী শ্ৰী ৰত্নাবলী থানৰ ইতিবৃত্ত “গ্ৰন্থ খন উন্মোচন কৰে কামপুৰ মহাবিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষ সভাৰাম মজুমদাৰে।