In celebration of the birth anniversary of Pandit Deen Dayal Upadhya, the Bharatiya Janata Sangh…
কাৰ্বি আংলঙত গুৱাহাটী অভিমুখী নৈশবাছত হেৰ’ইন জব্দ
কাৰ্বি আংলঙত আৰক্ষীৰ অভিযানত নিতৌ জব্দ হৈ আছে নিষিদ্ধ ড্ৰাগছ। যোৱানিশা বোকাজানত আৰক্ষীৰ তালাচীত নৈশ বাছৰ পৰা জব্দ বৃহৎ পৰিমাণৰ হেৰ’ইন। লাহৰিজান পহৰা চকীৰ টহলদাৰী দলে এক গোপন তথ্যৰ ভিত্তিত ডিমাপুৰৰ পৰা গুৱাহাটী অভিমুখী AR-20- 2700 নম্বৰৰ নৈশবাছত তালাচী চলাই হেৰ’ইনভৰ্তি ৪৮ টা চাবোনৰ বাকচ জব্দ কৰে। লগতে বাবু সিং আৰু ককিল সিং নামৰ দুই সৰবৰাহকাৰীক গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে।