Skip to content

গুৱাহাটীৰ গীতানগৰত অগ্নিকাণ্ড


শুকুৰবাৰে বিয়লি মহানগৰীৰ গীতানগৰত ভয়ংকৰ অগ্নিকাণ্ড। জানিব পৰা মতে, এখন আচবাবৰ দোকানত সংঘটিত হয় এই অগ্নিকাণ্ড। যাৰ ফলত এক আতংকময় পৰিস্থিতিৰ সৃষ্টি হয় অঞ্চলটোত। দপদপাই জ্বলি উঠা জুই নুমুৱাবলৈ উপস্থিত হয় ৫খনকৈ অগ্নিনিৰ্বাপক বাহিনীৰ বাহন। গীতানগৰৰ স্পৰ্শ হাইস্কুলৰ কাষত সংঘটিত হয় এই ঘটনা।

Back To Top