The Assam government plans to send about 1,000 youth to the Cellular Jail in Andaman…
গুৱাহাটী মহানগৰীৰ বনভোজ স্থলীত কেনে পৰিবেশ ?
গুৱাহাটী মহানগৰীৰ বিভিন্ন বনভোজ স্থলীত পৰিবহণ বিভাগ, আৰক্ষী, আবকাৰী বিভাগৰ অভিযান। বনভোজস্থলী সমূহত সুৰাপান কৰি যাতে কোনো লোকে গাড়ী নচলায় তাৰ বাবে সতৰ্ক কৰি দিছে পৰিবহণ বিভাগ তথা আৰক্ষী বিষয়াসকলে। আৰক্ষীয়ে টুইটযোগে ৰাজ্যবাসীলৈ আহ্বান জনাই কয় যে -‘নতুন বছৰ উদযাপন কৰাৰ লগতে আপুনি নিজৰ সুৰক্ষা নিশ্চিত কৰক। আপোনাৰ প্ৰিয়জনৰ সৈতে প্ৰতিদিনেই এক প্ৰীতিভোজ! অনুগ্ৰহ কৰি সুৰক্ষা প্ৰট’ক’ল সম্পূৰ্ণকৈ অনুসৰণ কৰক যাতে সকলোৱে সুস্থ ও সুখী হৈ নৱবৰ্ষক আদৰণি জনাব পাৰে।