On September 23, officers from the Customs Commissionerate (preventive), (CCP) Shillong, seized 14 pieces of…
গুৱাহাটী ৰ ITA প্ৰেক্ষাগৃহত কামৰূপ মহানগৰ জিলাৰ উপায়ুুক্ত বিশ্বজিত পেগুৰ অধ্যক্ষতাত সভাৰ আয়োজন
কেন্দ্ৰীয় চৰকাৰৰ অৰ্থ নৈতিক পৰিক্ৰমা বিভাগ আৰু বিত্তীয় মন্ত্ৰালয়ে এই উৎসৱৰ বতৰত বেংকসমূহক “ঋণ প্ৰসাৰ কাৰ্য্যসূচী “ৰ নিৰ্দেশনা প্ৰদান কৰে। এই নিৰ্দেশনাৰ সফল ৰূপায়ণৰ অৰ্থে নীতি নিৰ্ধাৰণ কৰিবলৈ ২২ অক্টোবৰ তাৰিখে কামৰূপ মহানগৰ জিলাৰ উপায়ুুক্ত বিশ্বজিত পেগুৰ অধ্যক্ষতাত এই জিলাত কাৰ্য্যনিৰ্বাহ কৰি থকা সকলো বেংকৰ মুৰব্বী বিষয়া বৰ্গৰ উপস্থিতিত এখনি সভাৰ আয়োজন কৰা হয়। এই সভাতে অহা ২৭ অক্টোবৰ বুধবাৰে পুৱা দহ বজাৰ পৰা সন্ধিয়া পাঁচ বজাৰ ভিতৰত গুৱাহাটীৰ মাছখোৱাত অৱস্থিত ITA প্ৰেক্ষাগৃহত কামৰূপ মহানগৰ জিলাৰ অগ্ৰণী বেংক বিষয়া ৰ কাৰ্য্যালয়ৰ সহযোগিতা ত কামৰূপ মহানগৰ জিলা প্ৰশাসনে জিলাখনৰ অন্তৰ্ভুক্ত সমূহ বেংকৰ সক্ৰিয় অংশগ্ৰহণৰে এক “ঋণ প্ৰসাৰ কাৰ্য্যসূচী” ৰ ৰূপায়ণৰ সিদ্ধান্ত গ্ৰহণ কৰে। এই কাৰ্যসূচীত মূলতঃ ক্ষুদ্ৰ ঋণগ্ৰহীতা সকলক আত্মসহায়ক গোট, প্ৰধান মন্ত্ৰীৰ মুদ্ৰা যোজনা, আত্ম নিৰ্ভৰ ভাৰত, পি এম স্বনিধি, প্ৰধানমন্ত্ৰীৰ স্বনিয়োজন যোজনা আদিকে ধৰি বিভিন্ন ৰাজ্যিক কল্যাণমূলক আঁচনিৰ জৰিয়তে ঋণ প্ৰদানৰ ক্ষেত্ৰত অগ্ৰাধিকাৰ দিয়া হয়। প্ৰতিটো বেংকক এই কাৰ্য্যসূচীৰ বাবে নিজাকৈ ঋণ প্ৰদানৰ লক্ষ্য নিৰ্ধাৰণ কৰি দিয়া হয়। বেংকসমূহৰ ঋণ প্ৰদানৰ ক্ষেত্ৰত দেখুৱাই অহা পাৰদৰ্শিতা আৰু সক্ৰিয় অংশগ্ৰহণে অতি কমেও দুশৰ পৰা আঢ়ৈশ কোটিৰ ঋণ প্ৰদানৰ লগতে অধিক কৰ্মসংস্থাপন ৰ ক্ষেত্ৰতো অৰিহণা যোগাব বুলি উপায়ুক্তই আশা প্ৰকাশ কৰে।