Assam and Meghalaya agreed on Saturday to withdraw state police forces deployed along the interstate…
ছিপাঝাৰৰ গৰুখুটিৰত সংঘর্ষ
ছিপাঝাৰৰ গৰুখুটিৰ উচ্ছেদত সংঘর্ষ। সংঘর্ষত আহত ১১ জনকৈ লোক। উন্নত চিকিৎসাৰ বাবে লোককেইজনক ভৰ্তি কৰা হৈছে GMCH ত। ইয়াৰে ৮ জন সাধাৰণ নাগৰিক আৰু ৩ অসম আৰক্ষীৰ বিষয়া। GMCH ত মৃত্যুৰে যুঁজিছে এগৰাকী DSP এ। ছিপাঝাৰ গৰুখুটিত প্ৰতিবাদকাৰীৰ আক্ৰমণত আহত হয় DSP অমৃত ৰয় চৌধুৰী। চৌধুৰীৰ লগতে আঘাতপ্রাপ্ত হৈছিল অসম আৰক্ষীৰ অপূৰ্ব ৰংহাং আৰু মুনীৰ আহমেদ। আৰক্ষী মুনীৰ আহমেদৰ অবস্থা সংকটজনক। অসম আৰক্ষীৰ লগতে গৰুখুটিৰ সংঘর্ষত আহত হোৱা আন ৮ জন আহত প্ৰতিবাদকাৰীয়ো চিকিৎসাধীন GMCH ত। ইয়াৰে ৰেজিয়া খাটুনৰ পেটত এতিয়াও সোমাই আছে গুলী। দুগৰাকী বুলেটট আঘাট প্ৰাপ্ত প্ৰতিবাদকাৰীৰো চিকিৎসা। আনহাতে চিকিৎসাধীন হৈ থকা আহত সকলৰ স্বাস্থ্যৰ বুজ লবলৈ GMCH ত উপস্থিত হয় স্বাস্থ্য মন্ত্রী কেশৱ মহন্ত আৰু ছিপাঝাৰৰ বিধায়ক পৰমানন্দ ৰাজবংশী।