Assam Governor Shri Gulab Chand Kataria visited Wing Commander Utpal Barbara, the recipient of the…
জবমেলাৰ পৰিণতি- দক্ষতা, নিয়োগ বিভাগৰ দুগৰাকী বিষয়াক নিলম্বিত
বৃহস্পতিবাৰে গুৱাহাটী মহানগৰীৰ লগতে ৰাজ্যৰ ভিন্ন প্ৰান্তত অনুষ্ঠিত হৈছিল চাকৰিৰ মেলা। কিন্তু এই নিয়োগ মেলাৰ নামত শিক্ষিত যুৱক-যুৱতীৰ সৈতে ল’ৰা ধেমালী কৰাৰ অভিযোগ উত্থাপিত হৈছিল সৰ্বত্ৰ। ছচিয়েল মিডিয়াতো ব্যাপক ভাবে সমালোচিত হয় ৰাজ্য চৰকাৰৰ এই জবমেলা। ৰান্ধনী, বাচন ধোৱা, কাপোৰ ধোৱা চাকৰি পদবী প্ৰদান কৰাত নিয়োগ মেলালৈ আহি ক্ৰোধাম্বিত হৈ পৰিছিল হাজাৰ হাজাৰ প্ৰাৰ্থী। নিয়োগ মেলা সূচাৰুৰূপে পৰিচালনা কৰিব নোৱাৰাৰ অভিযোগত দক্ষতা, কর্মসংস্থাপন ও উদ্যোগ মন্ত্রী চন্দ্র মোহন পাটোৱাৰীৰ নির্দেশনা মৰ্মে গুৱাহাটী নিয়োগ বিনিময় কেন্দ্ৰৰ দুগৰাকী শীৰ্ষ বাছনিৰ বিষয়া ক্ৰমে যুটীয়া সঞ্চালক (Joint Director) টি ডংগেল (T. Doungel) আৰু সহকাৰী পৰিচালক (Assistant Director) লিপিকা দত্ত (Lipika Datta)ক নিলম্বন কৰা হয়।