Skip to content

জ্যোতি চিত্ৰবনৰ নতুন অধ্যক্ষৰ দায়িত্বভাৰ ল’লে বিদ্যাসাগৰে।


জ্যোতি চিত্ৰবনৰ নতুন অধ্যক্ষৰ দায়িত্বভাৰ ল’লে কণ্ঠশিল্পী বিদ্যাসাগৰে। গুৱাহাটীৰ কাহিলীপাৰাত অৱস্থিত জ্যোতি চিত্ৰবনৰ অধ্যক্ষৰ পদ শুৱনি কৰিব কণ্ঠশিল্পীগৰাকীয়ে। প্ৰাক্তন অধ্যক্ষ পৱিত্ৰ মাৰ্ঘেৰিটাৰ উপস্থিতিত দায়িত্ব গ্ৰহণ বিদ্যাসাগৰৰ।শুভ লগ্ন অনুযায়ী মাংগলিক ৰীতি নীতিৰে দিনৰ মঙলবাৰে জ্যোতি চিত্ৰবনৰ ১১.১৫ বজাত ২৫ সংখ্যক অধ্যক্ষৰ দায়িত্ব গ্ৰহণ কৰে কণ্ঠশিল্পীগৰাকীয়ে।দায়িত্ব গ্ৰহণ কৰিয়ে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক ধন্যবাদ জ্ঞাপন কৰে বিদ্যাসাগৰে। জ্যোতি চিত্ৰবনক লৈ থকা বহু পৰিকল্পনাৰ কথাও জনালে নৱ নিযুক্ত অধ্যক্ষগৰাকীয়ে।

Back To Top