skip to Main Content

ঢেকীয়াখোৱা বৰ নামঘৰত মহাপুৰুষ শংকৰদেৱৰ তিৰোভাৱ তিথি উদযাপন

  • Assam


আজি মহাপুৰুষ শ্ৰীশ্ৰী শংকৰদেৱৰ ৪৫৩ সংখ্যক তিৰোভাৱ তিথি। সমগ্র ৰাজ্যৰ লগতে ঐতিহাসিক ঢেকীয়াখোৱা বৰ নামঘৰতো মহাপুৰুষ শংকৰদেৱৰ তিৰোভাৱ তিথি উদযাপন কৰা হয়। চৰকাৰী প্ৰট’কলৰ মাজত ঐতিহাসিক ঢেকিয়াখোৱা বৰনামঘৰত গুৰুজনাৰ তিথি অনুষ্টুপীয়াকৈ অনুষ্ঠিত কৰা হয়। পুৱা নাম প্ৰসংগৰ পাছতেই গুৰুজনাৰ তিথি উপলক্ষ্যে ৰাইজে দিহানাম প্ৰদৰ্শনেৰে দিনযোৰা কাৰ্যসূচী আৰম্ভ কৰে। অসমৰ বিভিন্ন প্ৰান্তৰ ভক্তসকল এই পবিত্ৰ স্থানত পুৱাৰে পৰা ভিৰ কৰে।

Back To Top