Assam and Meghalaya agreed on Saturday to withdraw state police forces deployed along the interstate…
দিপাৱলীৰ উপহাৰ কেন্দ্ৰীয় চৰকাৰৰ
আগন্তুক দিপাৱলীৰ উপহাৰ দিব কেন্দ্ৰীয় চৰকাৰে। মোডী কেবিনেটে অনুমোদন জনাইছে এই সিদ্ধান্তত। কেন্দ্ৰীয় চৰকাৰৰ চাকৰিয়াল আৰু পেঞ্চনাৰসকলৰ বাবে সুখবৰ। ৩ শতাংশ ডি এ বৃদ্ধিৰ সিদ্ধান্ত লৈছে কেন্দ্ৰীয় চৰকাৰে। ২০২০ চনৰ ২৯ জাুনৱাৰীৰ পৰা কেন্দ্ৰীয় চৰকাৰৰ অধীনস্থ কৰ্মচাৰীসকলৰ ডি এ বৃদ্ধি হোৱা নাছিল।জুলাই ২০২১ ৰ পৰা এই বৰ্ধিত হাৰৰ ডি এ প্ৰযোজ্য হ’ব। ইয়াৰ দ্বাৰাই কেন্দ্ৰীয় চৰকাৰৰ অধীনস্থ ৪৭.১৪ লাখ কৰ্মচাৰী আৰু ৬৮.৬২ লাখ অৱসৰপ্ৰাপ্ত কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰী উপকৃত হ’ব। এই বৃদ্ধিৰ ফলত কেন্দ্ৰীয় চৰকাৰে অতিৰিক্তভাৱে বছৰি ৯৪৮৮.৮০ কোটি টকা অতিৰিক্ত ভাৱে ভৰিব লাগিব।