The Assam Board of Secondary Education (SEBA) has issued a notification regarding the registration of…
দুমাহ ধৰি সন্ধানহীন কচুৱা জুৰিৰ পাৰৰ এজন বিশেষভাৱে সক্ষম যুৱক
দুটামাহ ধৰি নগাঁও জিলাৰ কচুৱা আৰক্ষী চকীৰ অন্তৰ্গত জুৰিপাৰৰ পৰা এজন বিশেষভাৱে সক্ষম যুৱক নিৰুদ্দেশ হৈ আছে। যুৱকজন নিৰুদ্দেশ হোৱাত অঞ্চল জুৰি চাঞ্চল্যৰ সৃষ্টি হৈছে। উল্লেক্ষ যে জুৰিৰ পাৰৰ মন্নাছ আলীৰ পুত্ৰ তাফাজুল ইছলাম নামৰ বিশেষ ভাৱে সক্ষম যুৱকজনে ঘৰৰ পৰা বজাৰ অভিমুখে আহি থকা অৱস্থাতে সন্ধানহীন হৈছিল। প্ৰায় দুমাহ ধৰি বিকলাংগ যুৱক জন নিৰুদ্দেশ হোৱাত পৰিয়ালৰ লোকে বিভিন্ন ঠাইত বিচাৰিও আজিও সন্ধান উলিয়াব পৰা নাই। যাৰ ফলত উপায় হীন হৈ সংবাদ মাধ্যমৰ যোগেদি ৰাইজক বিশেষভাৱে সক্ষম যুৱক জনৰ সন্ধান পালে 9707506064 অথবা 9365441944 নম্বৰত যোগাযোগ কৰিবলৈ কাতৰ আহ্বান জনাইছে।