In celebration of the birth anniversary of Pandit Deen Dayal Upadhya, the Bharatiya Janata Sangh…
দুৰ্বল ৰাজকোষ, এতিয়া সুৰাপায়ীৰ ওপৰতে ভৰসা নেকি?
ৰাজ্যত সৃষ্টি হোৱা বিত্তীয় দুৰৱস্থাৰ পৰা ৰক্ষা কৰিব লাগিব এতিয়া সুৰাপায়ীসকলে। কিয়নো ৰাজ্যত সৃষ্টি হোৱা বিত্তীয় দুৰৱস্থাৰ জোৰা মাৰিবলৈ চৰকাৰে সুৰাৰ মূল্য পুনৰ বৃদ্ধি কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে।ইতিমধ্যে ৰাজ্য চৰকাৰে ৰাজপত্ৰিত অধিসূচনা জাৰি কৰিছে। এই অধিসূচনা অনুসৰি আগন্তুক ১০ ডিচেম্বৰৰ পৰা বিলাতী সুৰাৰ মূল্য ১৫ শতাংশ বৃদ্ধি পাব। চৰকাৰে বিত্তীয় পৰিস্থিতৰ সৈতে মোকাবিলা কৰিবলৈ পূৰ্বে সহজ পন্থা হিচাপে সুৰাৰ মূল্য বৃদ্ধি কৰাৰ দৰেই এইবাৰো ভাৰতত উৎপাদন কৰা বিলাতী সুৰাৰ মূল্য ১৫ শতাংশ বৃদ্ধি কৰিছে।