In celebration of the birth anniversary of Pandit Deen Dayal Upadhya, the Bharatiya Janata Sangh…
নাৰেংগী ক্ৰীড়া সন্থাৰ খেল পথাৰত আজিৰেপৰা অনুষ্ঠিত এমাহজোৰা ফুটবল প্ৰশিক্ষণ শিবিৰ
মহানগৰী পাথৰকুৱাৰী স্থিত নাৰেংগী ক্ৰীড়া সন্থাৰ খেল পথাৰত দেওবাৰৰ পৰা আৰম্ভ কৰা হৈছে ফুটবল প্ৰশিক্ষণ শিবিৰ। এমাহ জুৰী চলিব এই ফুটবল প্ৰশিক্ষণ। আজি পুৱাৰভাগত অনুষ্ঠিত হয় মুকলি অনুষ্ঠান। অনুষ্ঠানত উপস্থিত থাকে বিশিষ্ট ক্ৰিয়া সংগঠক যোগেন কলিতা। অনুষ্ঠানিক ভাবে শিবিৰটোৰ মুকলি কৰে ক্ৰিয়া সংগঠক গৰাকীয়ে। গুৱাহাটীৰ ভিন্ন প্ৰান্তৰ পৰা অহা অৰ্ধ শতাধিক প্ৰশিক্ষাৰ্থীয়ে অংশ গ্ৰহণ কৰে এই শিবিৰত। অসম ফুটবল দলৰ প্ৰাক্তন অধিনায়ক তথা সুদক্ষ ফুটবলাৰ মিত্ৰদেৱ স্বৰ্গীয়াৰীয়ে প্ৰশিক্ষণ দিয়া এই শিবিৰটোৰ পৰা ৰাজ্যিক দললৈ অন্তত এজন ভাল খেলুৱৈ নিৰ্বাচিত কৰিব পাৰিব বুলি আশা প্ৰকাশ কৰে উদ্যোক্তা সকলে। এই শিবিৰ মুকলি অনুষ্ঠানত উপস্থিত থাকে নাৰেংগী ক্ৰীড়া সন্থাৰ উপ সভাপতি ধর্মকান্ত ডেকা, পবিত্ৰ কুমাৰ দাস, সুৰেশ কাইমল, প্ৰতাপ মজুমদাৰ আৰু বহুসংখ্যক লোক।