Assam Governor Shri Gulab Chand Kataria visited Wing Commander Utpal Barbara, the recipient of the…
পাণ্ডুত আৰম্ভ হ’ব জাহাজ মেৰামতি কেন্দ্ৰৰ নিৰ্মাণৰ কাম, মন্ত্ৰী সোণোৱালৰ ঘোষণা
কেন্দ্রীয় বন্দৰ, জাহাজ পৰিবহণ আৰু জলপথ মন্ত্রী তথা কেন্দ্রীয় আয়ুষ মন্ত্রী সর্বানন্দ সােণােৱাল সোমবাৰে পাণ্ডু বন্দৰ (Pandu Port, Guwahati)ত উপস্থিত হৈ ভাৰতীয় অভ্যন্তৰীণ জলপথ প্রাধীকৰণৰ উচ্চপদস্থ বিষয়াসকলৰ সৈতে এক গুৰুত্বপূর্ণ বৈঠকত মিলিত হয়। ২০২২ চনৰ মে’ মাহৰপৰা পাণ্ডুত জাহাজ মেৰামতি কেন্দ্ৰৰ নিৰ্মাণৰ কাম আনুষ্ঠানিকভাৱে আৰম্ভ হ’ব আৰু দুবছৰৰ ভিতৰত ইয়াৰ নিৰ্মাণৰ কাম সম্পূর্ণ কৰাৰ কথা ঘোষণা কৰে। এই কেন্দ্ৰটোৰ কাম সম্পূর্ণ হ’লে অসমতে জাহাজ মেৰামতিৰ কাম অতি কম সময়ত আৰু কম খৰচতে সম্পন্ন কৰিব পৰা যাব। আই আই টি মাদ্রাজে (IIT Madras) এই কেন্দ্র নির্মাণৰ সৈতে জড়িত কাৰিকৰী দিশসমূহৰ তদাৰক কৰি আছে। ভাৰতীয় অভ্যন্তৰীণ জলপথ প্ৰাধিকৰণ আৰু কোচিন শ্বিপয়ার্ড লিমিটেডৰ যৌথ প্রচেষ্টাত এই কেন্দ্ৰটোৰ নির্মাণ আৰম্ভ হ’ব।