Skip to content

পুনৰ আৰক্ষীৰ এনকাউন্টাৰ৷


হোজাইৰ ডবকাত নিশা আৰক্ষীৰ এনকাউন্টাৰ৷ কুখ্যাত বাইক চোৰ জাকিৰক এনকাউন্টাৰ কৰে আৰক্ষীয়ে৷ আৰক্ষীৰ জিম্মাৰ পৰা পলায়নৰ চেষ্টা কৰাৰ ফলত আৰক্ষীয়ে গুলীয়াই জাকিৰক৷ নিশা তিনি বজাত আৰক্ষীৰ জিম্মাৰ পৰা পলায়নৰ চেষ্টা কৰিছিল কুখ্যাত বাইক চোৰতোৱে৷ যোৱা ১৪ নৱেম্বৰত ডবকা আৰক্ষীয়ে হোজাইৰ বৰহাওৰৰ পৰা কুখ্যাত বাইক চোৰ জাকিৰক গ্ৰেপ্তাৰ কৰিছিল৷ জাকিৰৰ স্বীকাৰোক্তিৰ ভিত্তিত ডবকা আৰক্ষীয়ে চাহাব উদ্দিন, নাগালেণ্ড ধনশিৰিৰ পৰা ফিলিপ চৌহাংগ আৰু আচি নুমাই নামৰ তিনি চুৰক গ্ৰেপ্তাৰ কৰে৷ জাকিৰৰ পৰা আৰক্ষীয়ে জব্দ কৰে তিনিখন চুৰি মটৰচাইকেল।

Back To Top