Assam Governor Shri Gulab Chand Kataria visited Wing Commander Utpal Barbara, the recipient of the…
পুনৰ জব্দ নিচাযুক্ত সামগ্ৰীসহ এটা পইণ্ট ৩২ পিষ্টল
নগাঁও আৰক্ষীৰ এটা দলে গোপন সূত্ৰৰ পম খেদি জিলাখনৰ ৰাঙলুৰ পৰা যোৱানিশা বুজন পৰিমাণৰ নিচাযুক্ত সামগ্ৰীসহ এটা পইণ্ট ৩২ পিষ্টল জব্দ কৰে৷ এই সন্দৰ্ভত ফইজুল ইছলাম আৰু ছিদ্দিক আলী নামৰ দুজনক গ্ৰেপ্তাৰ কৰা হৈছে৷ আজি নগাঁও সদৰ আৰক্ষী থানাত এক সংবাদমেলযোগে নগাঁও সদৰ থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া মৃদুল বৰাই এই কথা সদৰী কৰে।