Assam Governor Shri Gulab Chand Kataria visited Wing Commander Utpal Barbara, the recipient of the…
পুনৰ ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ বেংক কৰ্মচাৰীসকলৰ!
২৩, ২৪ ফেব্ৰুৱাৰীত পুনৰ ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ বেংক কৰ্মচাৰীসকলৰ। কেন্দ্ৰীয় ট্ৰেড ইউনিয়ন আৰু অল ইণ্ডিয়া বেংক এমপ্লয়িজ এছ’চিয়েচনকে ধৰি বেংক কৰ্মচাৰীৰ একত্ৰিত সংগঠনে বেংক ধৰ্মঘট ঘোষণা কৰে। সমগ্ৰ দেশৰ সকলো চৰকাৰী আৰু বেচৰকাৰী বেংকৰ কৰ্মচাৰীসকলে অংশগ্ৰহণ কৰিব এই প্ৰতিবাদী কাৰ্যসূচীত। AIBEAৰ সাধাৰণ সম্পাদক চি এইচ ভেংকটাচলমে সকলো বেংক সংস্থা আৰু সদস্যলৈ এখন পত্ৰ জাৰি কৰি ধৰ্মঘটত অংশগ্ৰহণৰ বাবে সাজু হোৱাৰ আহ্বান জনায়। পুনৰ ২৩ আৰু ২৪ ফেব্ৰুৱাৰীত ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণৰ ঘোষণা কৰিছে। ২৩ আৰু ২৪ ফেব্ৰুৱাৰীত ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰিলে ২৩-২৭ ফেব্ৰুৱাৰীলৈ ৪ দিন বেংকৰ কাম-কাজ স্তব্ধ হৈ পৰিব। কিয়নো ২৩ আৰু ২৪ ফেব্ৰুৱাৰীত ধৰ্মঘটৰ পিছত ২৬ আৰু ২৭ ফেব্ৰুৱাৰীত পৰিছে শনিবাৰ আৰু দেওবাৰ।