Assam and Meghalaya agreed on Saturday to withdraw state police forces deployed along the interstate…
পুনৰ নিমাতী ঘাটত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা।
নিমাতী ঘাটত উপস্থিত হয় মুখ্যমন্ত্ৰীগৰাকীয়ে কয় নাও দুৰ্ঘটনাৰ দোষীৰ বিৰুদ্ধে অহা তিনি মাহৰত ভিতৰত দাখিল কৰা হ’ব অভিযোগনামা আৰু ফেৰী চলাচল আৰু যাত্ৰীসকলৰ সুৰক্ষাৰ নিমিত্তে জল পৰিবহণ বিভাগ আৰু জিলা প্ৰশাসনৰ ফালৰ পৰা লোৱা কেতবোৰ পদক্ষেপৰ বিষয়ে বুজ লয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।সংবাদ মাধ্যমৰ আগত ঘোষণা কৰে যে যাত্ৰীৰ দুৰ্ভোগ আৰু নিৰাপত্তাৰ দিশটোৰ প্ৰতি লক্ষ্য ৰাখি বৃহস্পতিবাৰৰ পৰাই দুখন ৰ-পেক্সসহ ৬ খন জাহাজ চলাচলৰ ব্যৱস্থা কৰা হৈছে।লগতে যাত্ৰীৰ নিৰাপত্ত আৰু বিষয়া, কৰ্মচাৰীৰ গাফিলতিৰ দিশ নিৰীক্ষণৰ বাবে যোৰহাট আৰু মাজুলীৰ পৰা নিয়ন্ত্ৰিত চি চি কেমেৰা দুয়োটা ঘাটত সংস্থাপিত কৰা ব্যৱস্থা কৰা হ’ব।তদুপৰি মাজুৰীল পৰা ঢকুৱাখনা বগীনদী হৈ গুৱাহাটীলৈ প্ৰাৰম্ভিক পৰ্যায়ত দুখন নৈশ বাছ দৈনিক চলাচলৰ ব্যৱস্থাও কৰা হ’ব।কঠোৰ ভাৱে পাৰ ঘাটত অবৈধ নাৱৰ বহা আৰু দালাল ৰাজ বন্ধ কৰাৰ বাবে ব্যৱস্থা গ্ৰহণ কৰা হ’ব।ইয়াৰোপৰি মাজুলীৰ পৰা লখিমপুৰ বগী নদীহৈ চলিব নৈশ বাছ।প্ৰথম পৰ্যায়ত ২ খন নৈশ বাছ চলিব যদিও যাত্ৰীৰ সংখ্যাৰ প্ৰতি লক্ষ্য ৰাখি পৰৱৰ্তী সময়ত বাছৰ সংখ্যা বৃদ্ধি কৰা ব্যৱস্থা কৰা হ’ব।