On September 23, officers from the Customs Commissionerate (preventive), (CCP) Shillong, seized 14 pieces of…
প্ৰথমবাৰৰ বাবে অনুষ্ঠিত হ’ব দিছপুৰৰ বাহিৰত কেবিনেট বৈঠক।
৩০ ছেপ্টেম্বৰত ধেমাজিত অনুষ্ঠিত হ’ব কেবিনেট বৈঠক।মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ কেবিনেট বৈঠক প্ৰথমবাৰৰ বাবে অনুষ্ঠিত হ’ব দিছপুৰৰ বাহিৰত।সেই উপলক্ষে সাজু কৰি তোলা হৈছে ধেমাজিৰ আৱৰ্ত ভৱন।মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ সৈতে মুঠ ১১ জন মন্ত্ৰী থাকিব এই আৱৰ্ত ভৱনত।মুখ্যমন্ত্ৰীকে আদি কৰি ৰাজ্য চৰকাৰৰ অন্যান্য মন্ত্ৰীসকলক আদৰিবলৈ সাজু গায়ন-বায়ন।কেবিনেট বৈঠকত অংশগ্ৰহণ কৰা মন্ত্ৰীৰ লগতে বিভিন্ন বিষয়াসকলৰ আপ্যায়নৰ বাবে চলোৱা হৈছে বিশেষ প্ৰচেষ্টা।গুৱাহাটীৰ পৰাই নিয়া হৈছে বিশেষ খাদ্য সম্ভাৰ।