Assam and Meghalaya agreed on Saturday to withdraw state police forces deployed along the interstate…
বঙাইগাঁৱত মন্ত্ৰী ৰণজিৎ দাস! জিলা বি জে পি কাৰ্যালয়ত নেতা- কৰ্মীৰে বৈঠক৷
আজি বঙাইগাঁওস্থিত ভাৰতীয় জনতা পাৰ্টিৰ জিলা কাৰ্যালয়ত মন্ত্ৰী ৰণজিৎ দাস উপস্থিত হৈ দলীয় নেতা কৰ্মী সকলৰ সৈতে এক আলোচনাত মিলিত হয় ৷ নতুন কৈ নিৰ্মান কৰা দলীয় কাৰ্যালয়টো অহা 24 নৱেম্বৰত মুখ্যমন্ত্ৰী গৰাকীয়ে মুকলি কৰিব বুলি জানিব পৰা হৈছে৷ ইয়াৰ বাবে জিলা কৰ্মকৰ্তা সকলৰ ব্যাপক প্ৰস্তুতি। ইপিনে সংবাদ মাধ্যমৰ আগত পঞ্চায়ত আৰু গ্ৰামোন্নয়ন মন্ত্ৰী গৰাকীয়ে কয় যে অহা 25 নৱেম্বৰত অসম চৰকাৰৰ কেবিনেট বৈঠকখনি বঙাইগাঁও চহৰত অনুস্থিত হব৷ ইয়াৰ বাবে জিলা প্ৰশাসনে সকলো ব়্ৱস্থা কৰাৰ লগতে কেবিনেত বৈঠক খনি অসমৰ বিভিন্ন জিলাত অনুস্থিত কৰাৰ মুখ্যমন্ত্ৰীয়ে সিদ্ধান্ত গ্ৰহণ কৰে আৰু এই বৈঠকৰ যোগে ৰাইজে মন্ত্ৰী সকলক দিছপুৰত গৈ লগ কৰাৰ সলনি নিজ গৃহ জিলাত লগ কৰাৰ সুবিধা পাব বুলি মন্তব্য কৰে৷