In celebration of the birth anniversary of Pandit Deen Dayal Upadhya, the Bharatiya Janata Sangh…
বুধবাৰে সংবাদমেল সম্বোধন কৰি নিৰ্বাচন আয়োগৰ বিৰুদ্ধে সৰব হৈ পৰে ৰাজ্যসভাৰ সাংসদ অজিত কুমাৰ ভূঞা
প্ৰচাৰ সভাত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই নিৰ্বাচনী বিধি উলংঘা কৰাৰ অভিযোগত বিৰোধী দলসমূহে পত্ৰ প্ৰেৰণ কৰিছে নিৰ্বাচন আয়োগলৈ। তাৰ মাজতে বুধবাৰে সংবাদমেল সম্বোধন কৰি নিৰ্বাচন আয়োগৰ শেহতীয়া স্থিতিৰ বিৰুদ্ধে সৰব হৈ পৰে ৰাজ্যসভাৰ সাংসদ অজিত কুমাৰ ভূঞা।তেওঁ মতে, দেশৰ নিৰ্বাচনী আয়োগৰ দাঁত আৰু নখ নাই। ভাৰতীয় নিৰ্বাচন আয়োগৰ কোনো স্থিতি নাই, তেওঁলোক চৰকাৰী পুতলাত পৰিণত হৈছে। লগতে কয় যে, ‘মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই নিৰ্বাচন আয়োগক বুঢ়া আঙুলি দেখুৱাইছে। এইসমূহ ঘটনা গণতন্ত্ৰৰ নামত বহুৱালি।মুখ্যমন্ত্ৰীগৰাকীয়ে নিৰ্বাচন আয়োগক চৰম উপলুঙা কৰিছে।আগন্তুক উপ নিৰ্বাচনত আঞ্চলিক গণ মৰ্চাই থাওৰাত চিপিআইৰ কৃষ্ণ গগৈক সমৰ্থন আগবঢ়াইছে আৰু ভৱানীপুৰ, মৰিয়নী, তামুলপুৰ আৰু গোসাইগাওঁ সমষ্টিত কংগ্ৰেছক সমৰ্থন কৰিছে বুলি কয় অজিত কুমাৰ ভূঞাই।