In celebration of the birth anniversary of Pandit Deen Dayal Upadhya, the Bharatiya Janata Sangh…
বৃহস্পতিবাৰে কেবিনেট বৈঠকত গ্ৰহণ কৰা হয় কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত।
বৈঠকৰ অন্তত সংবাদমেল যোগে সদৰি কৰা হয় যে-অহা ২০ ছেপ্টেম্বৰৰ পৰা দশম শ্রেণীৰ পাঠদান আৰম্ভ কৰা হ’ব। স্কুল খোলাৰ আগতে ছেনিটাইজ কৰিব লাগিব। পৰ্যায়ক্রমে আনবোৰ শ্ৰেণীৰ পাঠদানো আৰম্ভ কৰা হ’ব। গঁড়ৰ খৰ্গৰ সন্দৰ্ভত কেবিনেটত বহু সিদ্ধান্ত গ্ৰহণ-
স্বাভাৱিকভাৱে মৃত্যু হোৱা গঁড়ৰ খৰ্গ দাহনৰ সিদ্ধান্ত লোৱা হৈছে।কোষাগাৰত মজুত আছে ২৬২৩ টা গঁড়ৰ খৰ্গ।তাৰে ২৪৭৯টা গঁড়ৰ খৰ্গ দাহন কৰা হ’ব। কাজিৰঙাত সংৰক্ষণ কৰা হ’ব ৯৪টা খৰ্গ। গোচৰ চলি থকা বাবে ৫০ টা খৰ্গ ৰাখি থোৱা হ’ব। ইফালে, কৰম পূজাৰ বাবে চৰকাৰী বন্ধ ঘোষণা কৰা হৈছে সংবাদমেলত। জলসম্পদ বিভাগৰ বাবে নাবাৰ্ডৰ পৰা ৯৮কোটি টকা মুকলিৰ সিদ্ধান্ত। জিএমচি অন্তৰ্গত এলেকাত ৰিক্সা, ঠেলা আদিৰ লাইচেন্সৰ মাচুল ৰেহাই দিয়াৰ সিদ্ধান্ত । কাৰ্যালয়লৈ গৈ লাইচেন্স লোৱাৰ প্রয়োজন নাই, অনলাইনত পাব লাইচেন্স। কৃষি বিভাগত পদোন্নতিৰ ক্ষেত্রত বিশেষ নিয়ম ঘোষণা।