The Assam Board of Secondary Education (SEBA) has issued a notification regarding the registration of…
মহানগৰী বোন্দাত অঘটন
বিশ্বকৰ্মা পূজাৰ দিনাখনেই মহানগৰী বোন্দাত অঘটন। তীব্ৰবেগী ট্ৰাকৰ খুন্দাত নিহত এজন স্কুটী আৰোহী। দুৰ্ঘটনাটো সংঘটিত হয় নাৰেংগীৰ বোন্দাত। নিহত যুৱক জন হৈছে নাৰেংগী কেন্দুগুৰিৰ প্ৰমোদ টুমুং(২৬)। নাৰেংগীৰ কেন্দুগুৰিৰ বাসিন্দা প্ৰমোদ টুমুঙে AS 01 BB 2465 নম্বৰৰ স্কুটী খনত পিতৃক উঠাই চন্দ্ৰপুৰস্থিত পিতৃৰ কাৰ্যালয় লৈ যায়। পিতৃক কাৰ্যালয়ত থৈ নাৰেংগী অভিমুখে আহি থকাৰ সময়ত বোন্দাত বিপৰীত দিশৰ পৰা অহা AS 01 DD 2846 নম্বৰৰ ট্ৰাক খনে স্কুটীখনত খুন্দা মাৰে। ফলত স্কুতি আৰোহি প্ৰমোদ টুমুং থিতাতে নিহত হয়। ঘটনাস্থলীত আৰক্ষীৰ লোক উপস্থিত হৈ মৃতদেহটো উদ্ধাৰ কৰি মাৰানোত্তৰ পৰীক্ষাৰ বাবে GMCH লৈ প্ৰেৰণ কৰে।