The Assam Board of Secondary Education (SEBA) has issued a notification regarding the registration of…
মহিলাৰ বিৰুদ্ধে সংঘটিত হিংসা প্ৰতিৰোধৰ আন্তৰ্জাতিক দিৱস উদযাপন
আজি মহিলাৰ বিৰুদ্ধে সংঘটিত হিংসা প্ৰতিৰোধৰ আন্তৰ্জাতিক দিৱস উদযাপন কৰা হয়। ৰাজ্যৰ সমাজ কল্যাণ সঞ্চালকালয়ে আয়োজন কৰে এই সভা। ২৫ নৱেম্বৰ বৃহস্পতিবাৰৰ পৰা পষেকযোৰা কাৰ্যসূচীৰে মহিলাৰ বিৰুদ্ধে সংঘটিত হোৱা সকলো ধৰণৰ হিংসা প্ৰতিৰোধৰ আন্তৰ্জাতিক দিৱস উদযাপনৰ এই সিদ্ধান্ত গ্ৰহণ কৰা হয়। এই উপলক্ষে আয়োজন কৰা কেন্দ্ৰীয় কাৰ্যসূচীৰ শুভাৰম্ভ কৰে বিত্ত আৰু সমাজ কল্যাণ বিভাগৰ মন্ত্ৰী অজন্তা নেওগে। এই অনুষ্ঠান অনুষ্ঠিত কৰা হয় অসম ৰাজ্যিক সমাজ কল্যাণ পৰিষদৰ প্ৰেক্ষাগৃহত। পুৱা ১০ বজাত অনুষ্ঠিত হয় এই সভা।