On September 23, officers from the Customs Commissionerate (preventive), (CCP) Shillong, seized 14 pieces of…
মুকলি হ’ল দিছ্পুৰ ছুপাৰ মাৰ্কেটৰ উৰণীয়া সেঁতু
আজি মুকলি হ’ল গুৱাহাটী মহানগৰীৰ ডাউন টাউন সংযোগী দিছ্পুৰ ছুপাৰ মাৰ্কেটৰ উৰণীয়া সেঁতুখন। ২০১৯ চনৰ ৮ ডিচেম্বৰত আধাৰশিলা স্থাপন কৰা হৈছিল এই দলংখনৰ আৰু ১৮ মাহৰ ভিতৰত নিৰ্মাণ কাৰ্য সম্পূৰ্ণ কৰা হৈছে এই উৰণীয়া সেঁতুখনৰ। অতি সুন্দৰ কৈ সজাই তোলা হৈছে দিছ্পুৰৰ উৰণীয়া হেতুখন, আৰু নানা শিল্পকলাৰে সজাই তুলিছে উৰণীয়া সেঁতুখনৰ দেৱালবোৰ। অসমৰ লগতে উত্তৰ পূৰ্বাঞ্চলৰ ছবি প্ৰতিফলিত কৰা হৈছে উৰণীয়া সেঁতুখনৰ দেৱালবোৰত। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আনুষ্ঠানিক ভাবে মুকলি কৰে উৰণীয়া সেতুখন। উৰণীয়া সেতুখন মুকলি কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে মন্তব্য কৰে যে, ‘বিকাশৰ যাত্ৰাৰ বাবেই পাঁচটা সমষ্টিত আমি জয়ী হ’লো। আৰু এখন নতুন উৰণীয়া সেতু হ’ব আৰ জি বৰুৱা ৰোডত। ছয় লেন যুক্ত ৰিং ৰোড নিৰ্মাণ কৰা হ’ব। বাইহাটা হৈ কুৰুৱাৰে নাৰেঙ্গীলৈ আহিব পথটো। পলাশবাৰীলৈ নাৰেঙ্গীৰ পৰা চাৰি খন দলং হ’ব ব্ৰহ্মপুত্ৰৰ ওপৰত। ব্ৰহ্মপুত্ৰ পাৰ সকলোৱে উপভোগ কৰিব পাৰিব আৰু লগতে কাৰ্যালয়সমূহ স্থানান্তৰ কৰা হ’ব বুলি মুখ্যমন্ত্ৰী গৰাকীয়ে মন্তব্য কৰে।