In the Kamrup (M) district district commissioner's office auditorium, a meeting was scheduled. Many decisions…
মুখ্যমন্ত্ৰী শৰ্মাৰ বিৰুদ্ধে এজাহাৰ দাখিল কংগ্ৰেছী সাংসদ আব্দুল খালেকৰ
মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা বিৰুদ্ধে দিছপুৰ থানাত প্ৰায় ২ পৃষ্ঠাৰ এজাহাৰ দাখিল আব্দুল খালেকে। আব্দুল খালেকে কয় যে, ”সংবিধানৰ নামত শপত খাই মুখ্যমন্ত্ৰী হোৱা হিমন্ত বিশ্ব শৰ্মাই ‘বাংলাদেশী মুছলমান” বুলি কৈ সংখ্যালঘু লোকক উপলুঙা কৰিছে। খালেকৰ মতে, মুখ্যমন্ত্ৰীয়ে ভাৰতীয় দণ্ডবিধি আইনৰ 153, IPC 153 (A) ধাৰা ভংগ কৰিছে। যোৱা ১০ ডিচেম্বৰত মুখ্যমন্ত্ৰীয়ে কৰা মন্তব্যৰ ভিত্তিত আব্দুল খালেকে গোচৰ তৰা বুলি জানিবলৈ দিছে।