On September 23, officers from the Customs Commissionerate (preventive), (CCP) Shillong, seized 14 pieces of…
‘লায়নছ ক্লাব অফ গুৱাহাটী’ৰ প্ৰশংসনীয় পদক্ষেপ
গুৱাহাটী মহানগৰী পৰিষ্কাৰৰ বাবে লায়নছ ক্লাব অফ গুৱাহাটীয়ে ল’লে গুৰুত্বপূৰ্ণ পদক্ষেপ। ৰাজ্যৰ ভিন্ন প্ৰান্তৰ লগতে মহানগৰবাসীয়ে উদযাপন কৰিলে বিশ্ব খনিকৰ বিশ্বকৰ্মাৰ পূজা। বিশ্বকৰ্মা পূজাৰ পিছত একাংশই মহানগৰীৰ পদ পথত দৃষ্টিকটুভাবে বিশ্বকৰ্মাৰ প্ৰতিমাসমূহ আৱৰ্জনা কৰি পেলাই থোৱা পৰিলক্ষিত হয়। মহানগৰীখনক পৰিস্কাৰ-পৰিচ্ছন্ন কৰি ৰখাৰ ক্ষেত্ৰত ‘লায়নছ ক্লাব অফ গুৱাহাটীয়ে’ বিশেষ গুৰুত্ব প্ৰদান কৰি পদ পথত পেলাই থোৱা প্ৰতিমাসমূহ ব্ৰহ্মপুত্ৰত বিসৰ্জনৰ বাবে বিশেষ ব্যৱস্থা গ্ৰহণ কৰিছে।ইয়াৰ অংশ হিচাপে দেওবাৰে মহানগৰীৰ ছয়মাইলস্থিত ‘Deepsikha ফাউণ্ডেচন’ৰ চৌহদৰ পৰা কেইবাখনো ট্ৰাকত বিভিন্ন প্ৰান্তৰ পৰা সংগ্ৰহ কৰা প্ৰতিমাসমূহ বিসৰ্জনৰ ব্যৱস্থা কৰে। দেওবাৰে গুৱাহাটীৰ পৌৰ নিগমৰ আয়ুক্তই ফ্লেগ অফ কৰি এই কাৰ্যসূচীৰ শুভাৰম্ভ কৰে আৰু লায়নছ ক্লাবৰ এই পদক্ষেপক প্ৰশংসা কৰে।