Assam Governor Shri Gulab Chand Kataria visited Wing Commander Utpal Barbara, the recipient of the…
লোকশিল্পী খগেন গগৈলৈ ২০২১ বৰ্ষৰ প্ৰতিমা পাণ্ডে বৰুৱা বঁটা
হস্তীৰ কন্যা গোৱালপৰীয়া লোকগীতৰ সম্ৰাজ্ঞী পদ্মশ্ৰী প্ৰতিমা পাণ্ডে বৰুৱাৰ আজি ১৯ সংখ্যক স্মৃতি দিৱস। সমগ্ৰ ৰাজ্যৰ লগতে প্ৰতিবছৰৰ দৰে এইবেলিও হস্তীৰ কন্যাৰ মৃত্যুৰ দিনটোত মহানগৰীৰ চানমাৰিস্থিত শ্বহীদ উদ্যানত সদৌ অসম ছাত্ৰ সন্থাই আয়োজন কৰে। এই অনুষ্ঠানতে সদৌ অসম ছাত্ৰ সন্থাই লোকশিল্পী খগেন গগৈলৈ ২০২১ বৰ্ষৰ প্ৰতিমা বৰুৱা পাণ্ডে স্মাৰক বঁটা আনুষ্ঠানিকভাৱে প্ৰদান কৰে। এই বঁটাত আছে গামোচা, চেলেং চাদৰ, শৰাই আৰু নগদ ২৫ হাজাৰ টকা।
উল্লেখ্য যে লোককৃষ্টিৰ হকে কাম কৰি অহা বিশিষ্ট ব্যক্তিসকলক প্ৰতিবছৰে আছুৱে আগবঢ়াই আহিছে প্ৰতিমা বৰুৱা পাণ্ডে স্মাৰক বঁটা।