In celebration of the birth anniversary of Pandit Deen Dayal Upadhya, the Bharatiya Janata Sangh…
সদনত শিক্ষা বিভাগৰ কাম কাজৰ বিৱৰণ শিক্ষা মন্ত্ৰী ৰণোজ পেগুৰ
শিক্ষা বিভাগক লৈ বিধানসভাত বিধায়ক মনোৰঞ্জন তালুকদাৰে কৰা প্ৰশ্নৰ উত্তৰ দিয়ে শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৱে৷ নতুনকৈ ঘোষিত হোৱা মাজুলী, ভট্টদেৱ, ৰবীন্দ্ৰনাথ ঠাকুৰ, সতিসাধিনী আৰু মাধৱদেৱ বিশ্ববিদ্যালয়ৰ প্ৰাৰম্ভিক কাম-কাজ চৰকাৰে দিয়া ৫০ কোটি অনুদানেৰে আন্তঃগাঁথনি নিৰ্মাণৰ প্ৰস্তুতি চলোৱা হৈছে বুলি সদনত জনায়। ৰাজ্যৰ ব্যক্তিগত খণ্ডৰ বিদ্যালয়সমূহৰ মাচুল ফি ৰেগুলেটৰী কমিটীৰ জৰিয়তে নিয়ন্ত্ৰণ কৰা হৈছে বুলি জানিবলৈ দিয়ে৷ মুঠ ২৫০খন বিদ্যালয়ে পঞ্জীয়ন কৰিছে এই কমিটীত৷ বিদ্যালয়ৰ আন্তঃগাঁথনিৰ বাবে ২০১৯ৰ বাজেটত ধাৰ্য কৰা ৯৬২.৯৩ কোটিৰ ৭৪৭.৪৩ কোটি টকাৰ প্ৰশাসনিক অনুমোদন লাভ কৰিছে৷ RIDFৰ অধীনত এই পুঁজি আবণ্টন কৰা হৈছে৷ গুণোৎসৱৰ তথ্যৰ আধাৰত বিদ্যালয়ৰ আন্তঃগাঁথনি উন্নয়নত ব্যৱহাৰ কৰা হ’ব এই পুঁজি।