The Assam Board of Secondary Education (SEBA) has issued a notification regarding the registration of…
১ অক্টোবৰৰ পৰা পৰ্যটকৰ বাবে আংশিক ভাৱে মুকলি হ’ব কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান।
১ অক্টোবৰৰ পৰা পৰ্যটকৰ বাবে আংশিক ভাৱে মুকলি হ’ব কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান। মহামাৰী ক’ভিডৰ আতংক কিছু হ্ৰাস পোৱাত আগন্তুক পহিলা অক্টোবৰৰ পৰা দেশ- বিদেশৰ পৰ্যটকৰ দৰ্শনৰ সুবিধাৰ্থে বিশ্বৰ সৰ্বাধিক এটা খড়্গ থকা গড়ঁৰ বাসস্থান তথা বিশ্ব ঐতিহ্য ক্ষেত্ৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান মুকলি কৰা হব বুলি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰিছে। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান পৰ্যটকৰ বাবে মুকলি কৰাৰ কথা মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰাৰ পিছতেই উদ্যান কৰ্ত্তৃপক্ষই পথ, দলং, দৰ্শনচুঢ়া আদি মেৰামতি কৰাত উঠি – পৰি লাগিছে। উদ্যান কৰ্তৃপক্ষই জানিবলৈ দিছে যে ৰাষ্ট্ৰীয় উদ্যানখনৰ ৩০% অঞ্চলত বৰ্তমান পৰ্যটকে দৰ্শন কৰিব পাৰিব। কহঁৰা বনাঞ্চলৰ অধীনত মিহিমুখৰ পৰা ভৈচামাৰীলৈকে প্ৰায় ৯ কিলোমিটাৰ পথহে জীপ ছাফাৰী কৰিব পাৰিব। অন্যহাতে বাগৰি বনাঞ্চলৰ অধীনত পৰ্যটকে বাগৰি প্ৰবেশ দ্বাৰৰ পৰা ডুঙা আৰু বিমলিলৈকে প্ৰায় আঠ কিলোমিটাৰ দৈৰ্ঘ্যৰ পথত জীপ ছাফাৰী কৰিব পাৰিব বুলি উদ্যান কৰ্তৃপক্ষই জানিবলৈ দিয়ে ।