Assam Governor Shri Gulab Chand Kataria visited Wing Commander Utpal Barbara, the recipient of the…
৩১ ডিচেম্বৰৰ নিশা বিভিন্ন স্থানত তালাচী অভিযান,উপস্থিত থাকে মুখ্যমন্ত্ৰী
নৱবৰ্ষৰ প্ৰাকক্ষণত ৰাজ্যত কঠোৰ হৈছে পৰিবহণ বিভাগ।৩১ ডিচেম্বৰৰ নিশা গুৱাহাটী বিভিন্ন স্থানত দেখা গ’ল তালাচী অভিযান। এই তালাচী অভিযানত নিজে উপস্থিত থাকি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সকলো পৰ্যবেক্ষণ কৰাৰ লগতে চালক, ৰাইজকো যান-বাহন চলোৱাৰ ক্ষেত্ৰতো সজাগ কৰে। এই তালাচী অভিযানত মুখ্যমন্ত্ৰীগৰাকীয়ে উপস্থিত থাকি কয়, নৱবৰ্ষৰ উদযাপনত আমি বাধা দিব বিচৰা নাই। নৱবৰ্ষৰ উদযাপনৰ নামত যাতে কাৰো জীৱন ধ্বংস নহয় তাৰ ওপৰত আমি গুৰুত্ব দিছো।