On September 23, officers from the Customs Commissionerate (preventive), (CCP) Shillong, seized 14 pieces of…
ৰাইজৰ দলৰ সংবাদমেল
আজি গুৱাহাটীৰ মঠঘৰীয়াস্থিত ৰাইজৰ দলৰ কেন্দ্ৰীয় কাৰ্যালয়ত অনুষ্ঠিত হয় এক সংবাদমেল। সংবাদমেল সম্বোধন কৰে ৰাইজৰ দলৰ সভাপতি অখিল গগৈয়ে। সংবাদমেলত শিৱসাগৰ সমষ্টিৰ বিধায়ক অখিল গগৈয়ে উত্থাপন কৰে অসমৰ ইতিহাসৰ সৰ্ববৃহৎ ভূমি কেলেংকাৰীৰ বিষয়ে। এই ভূমি কেলেংকাৰীত নাম সাঙোৰ খাইছে হিমন্ত বিশ্ব শৰ্মাৰ পত্নী আৰু পুত্ৰৰ। সবাদমেলত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ এক মন্তব্যৰ বিষয়ে সাংবাদিকে অখিল গগৈক কৰা প্ৰশ্নৰ উত্তৰত অখিল গগৈয়ে ৰামায়ণৰ যুগৰ পিছত কোনো জন্ম হোৱা নাছিল এইয়া প্ৰথম য’ত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বাজি খেলিছে আৰু বাজি খেলত হিমন্ত বিশ্ব শৰ্মাই পত্নীকো বাজি ৰাখিছে বুলি মন্তব্য কৰে। হিমন্ত বিশ্ব শৰ্মাই পত্নীক অপমান কৰাৰ লগতে সমগ্র নাৰী জাতিকো অপমান কৰা বুলি অখিল গগৈয়ে মন্তব্য কৰে।