Assam and Meghalaya agreed on Saturday to withdraw state police forces deployed along the interstate…
APDCLৰ ২০১৯ চনত অনুষ্ঠিত হৈ যোৱা পৰীক্ষাৰ ফলাফলৰ দায়িত্ব শেহতীয়াকৈ দিয়া হৈছে GU ক
মূখ্যমন্ত্ৰীৰ নিৰ্দেশত মুখ্যমন্ত্ৰী বিশেষ তদাৰকী শাখাৰ এটি দলে APDCLৰ সমগ্ৰ পৰিক্ষাৰ কেলেংকাৰী তদন্তৰ অনুসন্ধান অব্যাহত ৰাখিছে৷ APDCLৰ ২০১৯চনত অনুষ্ঠিত হৈ যোৱা পৰীক্ষাৰ ফলাফলৰ দায়িত্ব শেহতীয়াকৈ দিয়া হৈছে GU ক। বৰ্তমান গুৱাহাটী বিশ্ববিদ্যালয়ৰ ষ্ট্ৰং ৰুমত আছে পৰীক্ষাৰ উত্তৰবহীসমূহ। এই সমগ্ৰ প্ৰক্ৰিয়াটো নিৰীক্ষণ তথা তদন্তৰ বাবে দলটো গুৱাহাটী বিশ্ববিদ্যালয়লৈ আহিছিল। OMR চীট নিৰিক্ষণৰ দায়িত্বত থকা ব্যক্তিক জেৰা কৰিছিল। প্ৰায় ৫ ঘন্টা ধৰি বিশ্ববিদ্যালয়ত চলিছিল অভিযান। APDCLৰ ১৬০০ ফিল্ড এছিছটেণ্ট পদৰ পৰীক্ষা অনুষ্ঠিত হোৱাৰ পাছতে সৃষ্টি হৈছিল বিতৰ্কৰ। পৰীক্ষাত খেলিমেলি সংঘটিত হোৱাৰো অভিযোগ উত্থাপিত হৈছিল। এই সন্দৰ্ভত CM ভিজিলেঞ্চটো দিয়া হৈছিল অভিযোগ। যাৰ বাবে সমগ্ৰ দিশ পুংখানুপুংখভাৱে তদাৰক কৰে CM ভিজিলেঞ্চৰ দলটোৱে।