
APDCLৰ কেলেংকাৰী সন্দৰ্ভত তদন্তৰ মুখামুখী হৈছে গুৱাহাটী বিশ্ববিদ্যালয়ৰ জ্যেষ্ঠ অধ্যাপক ড০দিলীপ বৰা আৰু পঞ্জীয়ক হেমন্ত নাথ।জেৰাৰ বাবে মাতি পঠিওৱা হৈছে আতাউৰ ৰহমানকো।বুধবাৰে জেৰাৰ সন্মুখীন হোৱা ডেইজীম হাজৰিকা আৰু সঞ্জয় ভৌমিককো পুনৰ কৰিব জেৰা।মুখ্যমন্ত্ৰীৰ তদাৰকী কোষে আটাইকেইজনকে মুখামুখিকৈ চলাব জেৰা।