The Assam Board of Secondary Education (SEBA) has issued a notification regarding the registration of…
CID ৰ অভিযানত গ্ৰেপ্তাৰ সৰ্বশিক্ষাৰ বিষয়া
হোজাইত CID ৰ অভিযান। অভিযানত প্ৰণৱ জ্যোতি নাথ নামৰ এজন ভুৱা টেট শিক্ষক নিযুক্তি চক্ৰত জড়িত লোক আটক। যোৱা নিশা আটক কৰা হয় লোকজনক। হোজাইৰ শিৱবাৰী ৱাৰ্ড নং ৪ নিজা বাসগৃহৰ পৰা আটক প্ৰণৱ জ্যোতি নাথক। CIDৰ দলে লোকজনক গ্ৰেপ্তাৰ কৰি অধিক জেৰাৰ বাবে গুৱাহাটীলৈ লৈ আহে। লক্ষণীয় যে প্ৰথমে তেওঁ টেট শিক্ষক বুলি প্ৰচাৰ চলিছিল কিন্তু তেওঁ টেট শিক্ষক নহয় বুলি আৰক্ষীৰ সূত্ৰত প্ৰকাশ কৰি ধৃত নাথ ভুৱা শিক্ষক নিযুক্তিৰ ক্ষেত্ৰত হোৱা ধনৰ লেনদেনত জড়িত বুলি আৰক্ষীৰ সূত্ৰে জনা গৈছে। প্ৰণৱজ্যোতি নাথ টেট শিক্ষক নহয় তেওঁ সৰ্বশিক্ষা মিছনৰ হোজাই এগৰাকী বিষয়াহে।