A criminal has succumbed to his injuries after facing the heat of angry locals at…
DGPক সাক্ষাৎ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাৰ
DGPক সাক্ষাৎ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাৰ। আৰক্ষী সঞ্চালকপ্ৰধানগৰাকীক সাক্ষাৎ কৰি সংবাদ মাধ্যমৰ আগত এপিচিচিৰ সভাপতি ভূপেন বৰাই মন্তব্য কৰে যে, কৰ্তব্যৰত আৰক্ষী বিষয়াক পিটিকা বনাই দিম বুলি ক’লে ব্যৱস্থা ল’বনে নাই সুধিলো। DGPয়ে ক’লে ব্যৱস্থা লোৱা হ’ব। Z নিৰাপত্তা পোৱা মুখ্যমন্ত্ৰীৰ ক্ষেত্ৰত উপায়ুক্ত আৰু আৰক্ষী অধীক্ষকৰ বহু দায়িত্ব থাকে। উপায়ুক্তই বিধি অনুসৰি কাম কৰিছেনে বিধি ভংগ কৰিছে? ভূপেন বৰাই লগতে কয়, উচ্চতম ন্যায়ালয়ে কৈছে কোভিড ভেকচিন স্বেচ্ছামূলকহে। বাধ্য কৰাব নোৱাৰে। কৰ্মচাৰী কাৰ্যালয়ৰ পৰা উলিয়াই পঠিওৱা সদৰ্ভত ভূপেন বৰাৰ মতে আমাৰ মুখ্যমন্ত্ৰী উচ্চতম ন্যায়ালয়তকৈ ওপৰত আৰু লগতে তেওঁৰ ক্ষমতাই মূৰত ধৰিছে। এতিয়া ৰাবনে দেশ চলাই আছে বুলি ভূপেন বৰাই মন্তব্য কৰে।