A massive landslide in Himachal Pradesh's Kullu district today destroyed several houses with many people…
অ’মিক্ৰণ সন্দৰ্ভত কি কলে বিশ্ব স্বাস্থ্য সংস্থাই?
ক’ৰনাৰ পিছতে পুনৰ অ’মিক্ৰণৰ ৰূপত ক’ৰনাই আত্মপ্ৰকাশ কৰাৰ পিছতে পুনৰ আতংকিত হৈ পৰিছে সমগ্ৰ বিশ্ববাসী। দক্ষিণ আফ্ৰিকাৰ পৰা সমগ্ৰ বিশ্বলৈ বিয়পা অ’মিক্ৰণ কিমান ভয়ংকৰ সেই বিষয়ে বিশ্ব স্বাস্থ্য সংস্থাই শেহতীয়াভাৱে ব্যক্ত কৰিছে কিছূ তথ্য। দুপালি প্ৰতিষেধক গ্ৰহণ কৰা অথবা এবাৰ ক’ৰণাত আক্ৰান্ত হোৱা ব্যক্তিও সহজে অ’মিক্ৰণত আক্ৰান্ত হয়। অৱশ্যে অতি শীঘ্ৰে সংক্ৰমণ হ’লেও এইবিধ ভাইৰাছৰ ফলত মানুহ কমকৈ অসুস্থ হোৱাৰ কথা প্ৰকাশ কৰিছে বিশ্ব স্বাস্থ্য সংস্থাই। ডেল্টা ভাইৰাছতকৈ অ’মিক্ৰণত আক্ৰান্ত হোৱা ৰোগীৰ অসুস্থতাৰ হাৰ কম বুলিও প্ৰকাশ কৰে বিশ্ব স্বাস্থ্য সংস্থাই।