Assam Governor Shri Gulab Chand Kataria visited Wing Commander Utpal Barbara, the recipient of the…
অসমীয়া ভাষালৈ সুখবৰ আনিছে অনলাইন নিউজ এপ ডেইলীহাণ্ট-এ
ডেইলীহাণ্ট হৈছে বাংগালুৰুস্থিত ভাৰতীয় সমল আৰু নিউজ এপ, যিয়ে একাধিক সমল প্ৰদানকাৰীৰ পৰা ১৪টা ভাৰতীয় ভাষাত স্থানীয় ভাষাৰ সমল প্ৰদান কৰে৷ এই বৰ্ষৰ প্ৰাৰম্ভতে পৰীক্ষামূলকভাৱে ডেইলীহাণ্টত অসমীয়া ভাষাক অন্তৰ্ভুক্ত কৰোৱা হৈছিল আৰু কম সময়ৰ ভিতৰত ই জনপ্ৰিয় হৈ উঠিছিল৷ এতিয়া ডেইলীহাণ্ট-এ তেওঁলোকৰ এপত ১৫ সংখ্যক ভাষা হিচাপে অসমীয়া ভাষাক সংলগ্ন কৰিছে৷