Assam Governor Shri Gulab Chand Kataria visited Wing Commander Utpal Barbara, the recipient of the…
অসম আৰক্ষীৰ কনিষ্টবল পদৰ বাবে হ’ব লিখিত পৰীক্ষা,পৰীক্ষা কেন্দ্ৰত কঠোৰ নীতি-নিয়মৰ মাজেৰে পৰীক্ষাৰ্থীসকল প্ৰবেশ কৰিব লাগিব
২০ ফেব্ৰুৱাৰী দেওবাৰে অনুষ্ঠিত হ’ব অসম আৰক্ষীৰ কনিষ্টবল পদৰ বাবে লিখিত পৰীক্ষা। মুঠ ৯০১৭ টা পদৰ বাবে অনুষ্ঠিত হ’ব পৰীক্ষা ।দেওবাৰৰ ৰাজ্যৰ মুঠ ৮ খন জিলাৰ ৭৬ টা পৰীক্ষা কেন্দ্ৰত অনুষ্ঠিত হ’ব লিখিত পৰীক্ষা।এই পৰীক্ষাত যাতে কোনোধৰণৰ বিসংগতি নহয় তাৰ বাবে অসম আৰক্ষীৰ ফালৰ পৰা কঠোৰ নীতি নিয়ম জাৰি কৰাৰ লগতে পৰীক্ষা কেন্দ্ৰ সমূহত কঠোৰ নিৰাপত্তা ব্যৱস্থাও গঢ়ি তোলা হৈছে। প্ৰতিটো পৰীক্ষা কেন্দ্ৰতে কঠোৰ নীতি-নিয়মৰ মাজেৰে পৰীক্ষাৰ্থীসকল প্ৰবেশ কৰিব লাগিব।
পৰীক্ষাৰ্থীসকল পৰীক্ষা অনুষ্ঠিত হোৱাৰ নিৰ্দিষ্ট সময়তকৈ এক-ডেৰ ঘণ্টা আগতেই পৰীক্ষা কেন্দ্ৰত উপস্থিত হ’ব লাগিব ।
পৰীক্ষা কেন্দ্ৰৰ ভিতৰলৈ নিব নোৱাৰিব মোবাইল ফোনৰ লগতে সকলো ধৰণৰ ইলেক্ট্ৰনিক সামগ্ৰী।
সকলো পৰীক্ষাৰ্থীয়ে এডমিট কাৰ্ড লগত লৈ যাব লাগিব।
যদি কোনো পৰীক্ষাৰ্থীয়ে অনৈতিক কাৰ্যত লিপ্ত হ’লে তেওঁলোকৰ বিৰুদ্ধে কঠোৰ আইনী ব্যৱস্থাও গ্ৰহণ কৰা হ’ব বুলি সকিয়াই দিছে আৰক্ষী সঞ্চালক প্ৰধানজনে।
সকলো পৰীক্ষা কেন্দ্ৰতে চিচি টিভি আৰু মোবাইল জামাৰৰ ব্যৱস্থা কৰা হৈছে।