আজি দিল্লীলৈ উৰা মাৰিব মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। দীৰ্ঘদিনীয়া অসম-মেঘালয় সীমা বিবাদ মীমাংসা সন্দৰ্ভত কেন্দ্ৰীয় গৃহমন্ত্ৰীক সাক্ষাত কৰি সহমতৰ প্ৰস্তাৱ আগবঢ়াব মুখ্যমন্ত্ৰীগৰাকীয়ে। ইয়াৰ পিছতে সীমা বিবাদক লৈ দুয়ো ৰাজ্যই উপনীত হোৱা সমমতৰ প্ৰস্তাৱৰ ওপৰত সাংবিধানিক ব্যৱস্থা গ্ৰহণ কৰা হ’ব।