Assam Governor Shri Gulab Chand Kataria visited Wing Commander Utpal Barbara, the recipient of the…
আজিৰ কেবিনেট বৈঠকতো বহুকেইটা গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰে
সোমবাৰে অনুষ্ঠিত হয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ অধ্যক্ষতাত সাপ্তাহিক কেবিনেট বৈঠক। আজিৰ কেবিনেট বৈঠকতো বহুকেইটা গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হয়। কেবিনেট বৈঠকৰ পিছতে মন্ত্ৰী পীয়ুষ হাজৰিকাই সংবাদমেল।
কেবিনেট বৈঠকত লোৱা সিদ্ধান্ত সমূহ হ’ল-
আজিৰ পৰা অসমত নাথাকিব ৰেভিনিউ টাউন।
গাওঁ পঞ্চায়তৰ অধীনত ট্ৰেড লাইছেন্স নালাগে ৷ মোবাইল টাৱাৰ, দেশী-বিদেশী ৱাইন, শিক্ষানুষ্ঠান, প্ৰদূষণ সৃষ্টিকাৰী উদ্যোগ, ইটা ভাটা, নাৰ্ছিং হোমৰ বাবে লাগিব ট্ৰেড লাইসেন্স ৷
শ্ৰমিকৰ সুৰক্ষাৰ বাবে স্বাস্থ্য আৰু পৰিৱেশৰ বাবে অনলাইনত ৰেজিষ্টাৰ থকা হ’ব লাগিব ৷ পৰিচয় পত্ৰ দিবই লাগিব৷ এইসকলো ঠিক কৰিব লাগিব উদ্যোগ কৰ্তৃপক্ষই ৷ ১০০ৰ ওপৰত শ্ৰমিক থকা উদ্যোগত শ্ৰমিক আৰু মালিকৰ এখন কমিটী গঠন কৰিব লাগিব ৷
GMCৰ নিৰ্বাচনত EVM ব্যৱহাৰ কৰাৰ সিদ্ধান্ত ।
বাজেট বৰ্হিভূত ২০০ৰ পৰা ২০০০ টকালৈ কণ্ট্ৰীজেন্সী ফাণ্ডলৈ বৃদ্ধি ৷