The Assam government plans to send about 1,000 youth to the Cellular Jail in Andaman…
আজিৰ দিনটোৰ পেট্ৰ’ল–ডিজেলৰ দাম
ইণ্ডিয়ান অইল কৰ্প’ৰেচন লিমিটেডে জাৰি কৰিলে আজিৰ দিনটোৰ পেট্ৰ’ল–ডিজেলৰ দাম। আজিৰ দামত নাই কোনো সালসলনি। বিগত ৭৫ দিন ধৰি পেট্ৰ’ল–ডিজেলৰ দাম হৈ আছে স্থিৰ। ৪ নৱেম্বৰ ২০২১ৰ পৰা পেট্ৰ’ল–ডিজেলৰ দামৰ সালসলনি হোৱা নাই। সেই সময়ত কেন্দ্ৰীয় চৰকাৰে পেট্ৰ’লত ৫ টকা আৰু ডিজেলত ১০ টকা শুল্ক হ্ৰাস কৰিছিল। আবকাৰী শুল্ক হ্ৰাসৰ পূৰ্বে দেশত ইন্ধনৰ দাম সৰ্বোচ্চ স্তৰত উপনীত হৈছিল। অধিক সংখ্যক চহৰতে পেট্ৰ’লৰ দামে ১০০ৰ ঘৰ অতিক্ৰম কৰিছিল। গুৱাহাটীত পেট্ৰ’ল ৯৪.৫৮ টকা আৰু ডিজেল ৮১.২৯ টকা প্ৰতিলিটাৰত।