A massive landslide in Himachal Pradesh's Kullu district today destroyed several houses with many people…
আজি পুনৰ NCBৰ কাৰ্যালয়ত হাজিৰ আৰিয়ান খান
জামিন লাভৰ পিছত আজি পুনৰ বলীউদৰ অভিনেতা শ্বাহৰুখ খানৰ পুত্ৰ আৰিয়ান খান হাজিৰ হয় নাৰ্কটিক কন্ট্ৰ’ল ব্যূৰ’ৰ (NCB) কাৰ্যালয়ত। বম্বে হাইক’ৰ্টে আৰিয়ান খানক জামিন প্ৰদান কৰি বান্ধি দিছিল ১৪টা চৰ্ত। তাৰ ভিতৰত এক চৰ্ত আছিল যে আৰিয়ান খানে প্ৰতি শুকুৰবাৰে পুৱা ১১ বজাৰ পৰা দুপৰীয়া ২ বজাৰ ভিতৰত এনচিবি কাৰ্যালয়ত হাজিৰ হ’ব লাগিব। আৰিয়ান খানে হাইক’ৰ্টৰ এই চৰ্ত পূৰণ কৰাৰ বাবে আজি এনচিবিৰ কাৰ্যালয়ত হাজিৰ হয়।