Assam and Meghalaya agreed on Saturday to withdraw state police forces deployed along the interstate…
কণ্ঠশিল্পী দেৱজিত বৰাক চৰাইদেউ জিলাৰ অন্তৰ্গত ‘চলা গ্ৰাম্য অভয়াৰণ্য’ৰ ব্ৰেণ্ড এম্বেছাদৰ ঘোষণা
চৰাইদেউ জিলাৰ মাহমৰা বিধানসভা সমষ্টিৰ অন্তৰ্গত সংৰক্ষিত বনাঞ্চলসমূহৰ ভিতৰত অন্যতম এখন বনাঞ্চল হ’ল চলা সংৰক্ষিত বনাঞ্চল। এই বনাঞ্চলখনক সুৰক্ষিত কৰিবলৈ চলাপথাৰ শ্যাম গাঁৱৰ লগতে দাঁতিকাষৰীয়া গাঁৱৰ জনসাধাৰণে গ্ৰহণ কৰে বিশেষ পদক্ষেপ। চলা ভিলেজ কনজৰাভেচন ছচাইটীৰ তৃতীয় বৰ্ষপূৰ্তিৰ অনুষ্ঠান বুধবাৰে গ্ৰাম্য অভয়াৰণ্যখনৰ মাজত অনুষ্ঠিত কৰা হয়। তৃতীয় বৰ্ষপূৰ্তি অনুষ্ঠানতে অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী দেৱজিত বৰাক চলা গ্ৰাম্য অভয়াৰণ্যৰ ব্ৰেণ্ড এম্বেছাদৰ হিচাপে নিয়োজিত কৰে সমিতিয়ে।