Assam Governor Shri Gulab Chand Kataria visited Wing Commander Utpal Barbara, the recipient of the…
কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষক মুখ্যমন্ত্ৰীৰ প্ৰসংশা
কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত ক্ৰমাৎ ৰোধ হৈছে গঁড় হত্যা। ২১ বছৰত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত ১৮৯টা গঁড় হত্যা হয় চোৰাং চিকাৰীৰ হাতত। ২০ বছৰৰ পাছত ২০২১ বৰ্ষত মাত্ৰ এটা গঁড় চোৰাং চিকাৰীৰ হাতত মৃত্যু হয়। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ সঞ্চালক পি শিৱ কুমাৰে জনোৱা অনুসৰি, কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ কাষৰীয়া ছয়খন জিলাৰ SP, DC আৰু DFO সকলক লৈ গঠন কৰা Assam Rhino protection tusk forceয়ে বিগত সময়ছোৱাত পালন কৰা ভূমিকাৰ কাৰণে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষই গঁড় হত্যা ৰোধ কৰিবলৈ সক্ষম হৈছে বুলি জনায়। লগতে কাজিৰঙাত বিগত সময়ছোৱাত নিযুক্তি দিয়া SPECIAL RHINO PROTECTION FORCEৰো গঁড় হত্যা ৰোধৰ ক্ষেত্ৰত আছে উল্লেখনীয় অৱদান।