Assam Governor Shri Gulab Chand Kataria visited Wing Commander Utpal Barbara, the recipient of the…
কামাখ্যা মন্দিৰত উপস্থিত ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দ।
কামাখ্যাত উপস্থিত ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দ।ৰাষ্ট্ৰপতিৰ সৈতে আছে ৰাজ্যপাল আৰু মুখ্যমন্ত্ৰী।কামাখ্যা মন্দিৰত পূজা কৰি ৰাষ্ট্ৰপতি গৰাকীক ৰাওনা হয় কইনাধৰালৈ। কইনাধৰাতে দুপৰীয়াৰ আহাৰ গ্ৰহণ কৰিব ৰাষ্ট্ৰপতিয়ে। ৫.২০ বজাত কইনাধৰাৰ পৰা কলাক্ষেত্ৰলৈ যাত্ৰা কৰিব। ৫.৩০ বজাত উপস্থিত হ’ব কলাক্ষেত্ৰত। ৰাষ্ট্ৰপতিয়ে বন্তি প্ৰজ্বলনেৰে মুকলি কৰিব লাচিত বৰফুকনৰ ৪০০ বছৰীয়া বছৰজোৰা জন্মজয়ন্তী কাৰ্যসূচী। ভাৰ্ছুৱেলী ৰাষ্ট্ৰপতিয়ে আলাবৈ ৰণৰ স্মাৰকৰ আধাৰশিলা স্থাপন কৰিব। যোৰহাটৰ লাচিত বৰফুকন মৈদামত চৰকাৰে নিৰ্মাণ কৰিবলৈ লোৱা পাৰ্কৰ আধাৰশিলা স্থাপন কৰিব। ৬.১৫ বজাত কলাক্ষেত্ৰৰ পৰা পুনৰ যাত্ৰা কৰিব কইনাধৰালৈ। ৬.৩০ বজাত উপস্থিত হ’ব কইনাধৰাত। নিশাটো কইনাধৰাতে যাপন কৰিব ৰাষ্ট্ৰপতিয়ে।