On September 23, officers from the Customs Commissionerate (preventive), (CCP) Shillong, seized 14 pieces of…
কা-বিৰোধী আন্দোলনৰ দ্বিতীয় সংস্কৰণ আৰম্ভ
কেন্দ্ৰই কা বাতিল নকৰালৈকে প্ৰতিবাদ অব্যাহত থকাৰ কথা ঘোষণা লুৰীণজ্যোতি গগৈৰ। আজি বিশাল প্ৰতিবাদী সমদল উলিয়াই কা-বিৰোধী আন্দোলনৰ দ্বিতীয় সংস্কৰণৰ সূচনা। অসম জাতীয় পৰিষদৰ ‘জাতীয় সংকল্প অভিযান’ৰ দ্বিতীয় দিনা সভাপতি লুৰীণজ্যোতি গগৈৰ নেতৃত্বত সহস্ৰাধিক লোকে জাতীয় পৰিষদৰ মুখ্য কাৰ্যালয়ৰ পৰা দিছপুৰ অভিমুখে শোভাযাত্ৰা কৰি জু-ৰোডৰ এআইডিচি পইন্টত কা আইনৰ প্ৰতিলিপি দাহ কৰে৷ অসম জাতীয় পৰিষদৰ সভাপতি লুৰীণজ্যোতি গগৈয়ে ‘কা জাপি দি কেন্দ্ৰৰ বিজেপি নেতৃত্বাধীন এনডিএ চৰকাৰে অসমীয়া জাতিক নিঃশেষ কৰাৰ ষড়যন্ত্ৰ ৰচনা কৰিছে আৰু এই ষড়যন্ত্ৰ কোনো পধ্যেই মানি লব নোৱাৰি, কেন্দ্ৰই কা বাতিল নকৰালৈকে এই প্ৰতিবাদ অব্যাহত থাকিব বুলি মন্তব্য কৰে৷