Assam Governor Shri Gulab Chand Kataria visited Wing Commander Utpal Barbara, the recipient of the…
গুৱাহাটীৰ বিষ্ণু নিৰ্মলা ভৱনত ভৰলু বচাও অভিযানৰ এক অনুষ্ঠান
গুৱাহাটীৰ বিষ্ণু নিৰ্মলা ভৱনত আজি ভৰলু বচাও অভিযানৰ এখন সভা অনুষ্ঠিত হয়। অনুষ্ঠানটোত ভৰলু বচাও শীৰ্ষক গীত এটি মুকলি কৰা হয়। গীতটো মুকলি কৰে বিশিষ্ট গীতিকাৰ কীৰ্তি কমল ভূঞাই। গীতটো সৰ্বাংগসুন্দৰ, অৰ্থবহ হোৱা বুলি তেওঁ উল্লেখ কৰে। এনে ধৰণৰ গীত বহু বছৰ পূৰ্বে উলিয়াব লাগিছিল বুলিও তেখেতে মন্তব্য কৰে। অনুষ্ঠানত উপস্থিত থাকে উপদেষ্টা প্ৰদীপ ভূঞা, চেভ ভৰলু বচাও অভিযানৰ সভাপতি ডাঃ ৰবীন মজুমদাৰ, সাধাৰণ সম্পাদক অমিয় কুমাৰ ডেকা, গীতিকাৰ চাৰুকমল হাজৰিকা। ভৰলু বচাও শীৰ্ষক গীতটোৰ গীতিকাৰ চাৰুকমল হাজৰিকা, প্ৰয়োজনা প্ৰদীপ ভূঞাৰ। গীতটিত কণ্ঠদান কৰিছে কণ্ঠশিল্পী শান্তা উজিৰ আৰু কল্লোল বৰঠাকুৰে। বিভিন্ন মাধ্যমৰ যোগেদি তেওঁলোকে ভৰলু বছাও অভিযান চলাই আহিছে, এইবাৰ তেওঁলোকে গীতৰ মাধ্যমেৰে ভৰলু বছাও অভিযান কাৰ্যসূচী হাতত লয় আৰু আজি গুৱাহাটীৰ বিষ্ণু নিৰ্মলা ভৱনত ভৰলু বচাও অভিযানৰ শীৰ্ষক গীতটি মুকলি কৰা হয়।